২০২২ ‘মিছ নৰ্থ ইষ্ট ইণ্ডিয়া ‘ ৰ খিতাপ দখল ঈশানী হাতীমূৰীয়াৰ

4ce1f98444b7623591dc3e0bd9e8e1b4-23863196

ত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ১৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ‘মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২২’ প্ৰতিযোগিতাৰ প্ৰথম ৰাণাৰ্চ আপ খিতাপ দখল কৰিলে অসমৰ ঈশানী হাতীমূৰীয়াই । আনহাতে, মেঘালয়ৰ যুৱতী আইৰিন ডিখাৰে লাভ কৰিলে ‘Miss Northeast India 2022’ ৰ খিতাপ। নাগালেণ্ডৰ লিকা চোফিয়ে লাভ কৰে দ্বিতীয় ৰানাৰ্ছ আপ । ৩নৱেম্বৰত নগালেণ্ডৰ কহিমাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাখন নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত বিউটি এণ্ড এস্থেটিক ছ’চাইটি অৱ নগালেণ্ডে (বিএএছএন) নৰ্থ ইষ্ট বিউটি পেজেণ্ট অৰ্গেনাইজেচনৰ দ্বাৰা আয়োজন কৰা প্ৰথমখন মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতা।

অন্যান্য খিতাপ বিজয়ীসকল:

মিছ ফটোজেনিক- ঈশানী হাতীমূৰীয়া, মিছ পাৰফেক্ট ১০- আইৰিন ডিখাৰ, মিছ টেলেণ্ট – ঈশানী হাতীমূৰীয়া, কুইন অফ হাৰ্টছ – লিকা চোফি, মিছ বিউটিফুল স্কিন – মননাচা দেৱী চাপাম, মিছ মাল্টিমিডিয়া – ডাইনা জোমোয়ে।

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিযোগীয় সৌন্দৰ্য্য প্ৰতিযোগিতাখনত পৰম্পৰাগত পোছাকৰ জৰিয়তে তেওঁলোকৰ সমৃদ্ধ পৰম্পৰাগত ঐতিহ্য প্ৰদৰ্শন কৰিছিল।



1

⚠️ Some Of The Images May Be Representational And Collected From The Third-party Sources