প্ৰসংগঃ পথ সুৰক্ষা

Created By নিলোৎপল নেওঁগ (Nilutpal Neog) images (30)-08bc69f5

পথ পৰিবহণৰ ক্ষেত্ৰত সুৰক্ষাৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ ৷ পথ দূৰ্ঘটনা সাম্প্ৰতিক সময়ত আকস্মিক মৃত্যুৰ এক অন্যতম কাৰক হিচাপে পৰিগণিত হৈছে ৷ প্ৰত্যেক বছৰে বহু হাজাৰ লোকে পথ দূৰ্ঘটনাৰ ফলত অকাল মৃত্যুক সাবটি ল’ব লগা হয় ৷ কেৱল বাহন চালকেই নহয়, বহু পথচাৰীয়েও আকস্মিক দূৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে ৷ তাৰোপৰি দূৰ্ঘটনাগ্ৰস্ত বহু দূৰ্ভগীয়ালোকে দুদৰ্শাগ্ৰস্ত আৰু পংগুত্বৰ জীৱন কটাবলগা হৈছে ৷

অত্যাধুনিক প্ৰযুক্তি আৰু যানবাহনৰ বৰ্দ্ধিত ব্যৱহাৰে যদিও জনসাধাৰণৰ পৰিবহণ আৰু যোগাযোগ সুচল কৰি তুলিছে তথাপিও শোকাৱহ দূৰ্ঘটনাবোৰ মন কৰিলে এনে অনুভৱ হয় যেন পথৰ যানবাহনবোৰ অভিশাপহে ৷ শেহতীয়াকৈ অসম আৰক্ষীৰ তৰফৰপৰা জনোৱা তথ্য অনুসৰি বিগত বৰ্ষটোত অসমত প্ৰায় ৬৩০৮ টা দূৰ্ঘটনা সংঘটিত হৈছে য’ত ২৬৯১ জন ব্যক্তিৰ প্ৰাণ হানি হৈছে ৷ ২০২১ বৰ্ষৰ তথ্যমতে সমগ্ৰদেশত সংঘটিত হোৱা মাৰাত্মক পথ দূৰ্ঘটনাৰ সংখ্যা হৈছে প্ৰায় ১৪২১৬৩ টা ৷ এই দূৰ্ঘটনা সমূহত বাহনৰ অত্যাধিক বেগ, সুৰাপান কৰি গাড়ী চলোৱা, গাড়ী চলাওঁতে ম’বাইলফোনৰ ব্যৱহাৰ, যানবাহন আইন উলংঘন, ইত্যাদি মূল কাৰণ হিচাপে পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি চিটবেল্ট অথবা হেলমেট পৰিধান নকৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও অতি তাৎপৰ্যপূৰ্ণ ৷

পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ পথ আৰু লোক নিৰ্মাণ বিভাগে বহুখিনি পদক্ষেপ লোৱা দেখা গৈছে যদিও অদ্যাপি পথ দূৰ্ঘটনাৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই ৷ বিগত সময়ছোৱাত আৰু বৰ্তমানেও অসম আৰক্ষীয়ে দূৰ্ঘটনা ৰোধৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে ৷ তথাপিও আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ বৰ্তমানেও জনসাধাৰণৰ মাজত জনসচেতনতাৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা যায়। ৰাইজক ট্ৰেফিক আইন আৰু পথ সুৰক্ষা সম্পৰ্কে অধিক সজাগ কৰি তোলাৰ লগতে আইন সমূহৰ কঠোৰ প্ৰণয়নত আৰু অধিক জোৰ দিয়াৰ প্ৰয়োজন আছে ৷ এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষ অধিক সক্ৰিয় হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ যিহেতো তাৎক্ষণিকভাবে মেৰামতি নকৰাৰ ফলত ৰাজ্যৰ বহু ব্যস্ত পথত আজিও জনতাই দুৰ্ভোগৰ সন্মুখীন হ’ব লগা হৈছে ৷ আশা ৰাখিছোঁ যাতে এই নতুন বৰ্ষটোৰ পৰা ৰাজ্যৰ পথসমূহ জনতাৰ বাবে অধিক সুৰক্ষিত হয় আৰু যানবাহন চালকসকলেও দায়িত্বশীল নাগৰিক হিচাপে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগ আগবঢ়াই ৷



1

⚠️ Some Of The Images May Be Representational And Collected From The Third-party Sources

The Creator:
নিলোৎপল নেওঁগ (Nilutpal Neog)